ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: “সকলো কামৰ ফলাফল নিৰ্ভৰ কৰে নিয়্যতৰ ওপৰত, আৰু মানু...
ছহীহ
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত স্পষ্ট কৰিছে যে, প্ৰতিটো আমল নিয়্যত অনুযায়ীহে নিৰ্ভৰযোগ্য হয়। দৈনন্দিন জীৱনৰ সকলো কৰ্ম আৰু সকলো আমলৰ ক্ষেত্...
আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “যিয়ে আমাৰ চৰীয়তত এনেকুৱা কোনো নীতি প্ৰৱৰ্তন কৰিছে য...
ছহীহ
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যিয়ে দ্বীনৰ ভিতৰত নতুনত্বৰ সৃষ্টি কৰিব অথবা এনেকুৱা কোনো আমল কৰিব, কোৰআন হাদীছত যিটোৰ কোনো প্ৰমাণ নাই, সে...
ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত হাদীছত আহিছে, তেওঁ কৈছেঃ এদিনাখন আমি ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামৰ ওচৰত বহি আছিলোঁ, ঠিক...
ছহীহ
(মুছলিম)

ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত জনাইছে যে, চাহাবাসকলৰ সন্মুখত জিব্ৰীল আলাইহিচ্ছালাম মানুহৰ ৰূপত আহি উপস্থিত হ'ল, তেওঁৰ কাপোৰবোৰ আছিল অত্যন্ত শুভ্ৰ...
আব্দুল্লাহ ইবনু ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "ইছলামৰ ভিত্তি পাঁচটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত।...
ছহীহ
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইছলামক এটা মজবুত স্থাপনাৰ সৈতে তুলনা কৰিছে, যিটো স্থাপনা পাঁচটা স্তম্ভৰ ওপৰত স্থাপিত। ইছলামৰ অন্যান্য বিধি-বিধানবোৰ...
মুআজ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই এদিনাখন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছফালে গাধৰ পিঠিত বহি আছিলোঁ, যাৰ নাম আছিল উফাইৰ। তেনেত...
ছহীহ
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বান্দাৰ ওপৰত থকা আল্লাহৰ হক আৰু আল্লাহৰ ওপৰত থকা বান্দাৰ হক সম্পৰ্কে স্পষ্টভাৱে বৰ্ণনা কৰিছে। এতেকে বান্দাৰ...

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত স্পষ্ট কৰিছে যে, প্ৰতিটো আমল নিয়্যত অনুযায়ীহে নিৰ্ভৰযোগ্য হয়। দৈনন্দিন জীৱনৰ সকলো কৰ্ম আৰু সকলো আমলৰ ক্ষেত্ৰতে এই বিধান প্ৰযোজ্য। গতিকে যদি কোনোবাই কোনো স্বাৰ্থ লাভৰ বাবে কোনো আমল কৰে তেন্তে তেওঁ সেই আমলৰ জৰিয়তে সেই স্বাৰ্থটোকে পাব, যি স্বাৰ্থত তেওঁ আমলটো কৰিছে, কোনো ছোৱাব নাপাব। আনহাতে যদি কোনোবাই কোনো আমল আল্লাহৰ নৈকট্য লাভ কৰাৰ উদ্দেশ্যে কৰে তেন্তে তেওঁ সেইটোৰ ছোৱাব পাব আৰু প্ৰতিদান লাভ কৰিব, যদিও সেইটো তাৰ কোনো অভ্যাসগত আমল হয়, যেনে- পানাহাৰ কৰা। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আমলৰ ক্ষেত্ৰত নিয়্যতৰ প্ৰভাৱ বুজাবলৈ এটা উদাহৰণ দিছে। তেখেতে কৈছেঃ যিয়ে প্ৰতিপালকৰ সন্তুষ্টি অৰ্জন কৰিবলৈ নিজৰ দেশ ত্যাগ কৰিব বা হিজৰত কৰিব, তেন্তে তাৰ সেই হিজৰতক গ্ৰহণযোগ্য হিজৰত হিচাপে মানি লোৱা হ'ব। লগতে সঠিক নিয়্যত পোষণ কৰাৰ বাবে তাক ইয়াৰ উত্তম প্ৰতিদানো দিয়া হ'ব। আনহাতে যিয়ে দুনিয়াৱী স্বাৰ্থ লাভৰ বাবে হিজৰত কৰিব, যেনে- ধন-সম্পদৰ আশাত, বা মৰ্যাদা লাভৰ আশাত, নাইবা ব্যৱসায়-বাণিজ্যৰ আশাত, অথবা বিবাহৰ উদ্দেশ্যে, তেন্তে তেওঁ সেই স্বাৰ্থই লাভ কৰিব যিটো স্বাৰ্থত তেওঁ হিজৰত কৰিছে। তাক কোনো ছোৱাব বা নেকী প্ৰদান কৰা নহয়।
Hadeeth details

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যিয়ে দ্বীনৰ ভিতৰত নতুনত্বৰ সৃষ্টি কৰিব অথবা এনেকুৱা কোনো আমল কৰিব, কোৰআন হাদীছত যিটোৰ কোনো প্ৰমাণ নাই, সেই আমল আমলকাৰীৰ প্ৰতিয়ে দলিয়াই দিয়া হ'ব, আল্লাহৰ ওচৰত সেইটো গ্ৰহণযোগ্য নহ'ব।
Hadeeth details

ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটোত জনাইছে যে, চাহাবাসকলৰ সন্মুখত জিব্ৰীল আলাইহিচ্ছালাম মানুহৰ ৰূপত আহি উপস্থিত হ'ল, তেওঁৰ কাপোৰবোৰ আছিল অত্যন্ত শুভ্ৰ তথা বগা আৰু চুলিবোৰ আছিল অত্যন্ত ক'লা। কিন্তু তেওঁৰ ওপৰত ভ্ৰমণ কৰি অহাৰ কোনো চিন ছাপ নাছিল, ধুলি বালিও লগা নাছিল, চুলিবোৰো অপৰিপাটি নাছিল, পৰিধান কৰা কাপোৰখিনিতো কোনো ভ্ৰমণৰ প্ৰভাৱ নাছিল, আনহাতে উপস্থিত লোকসকলৰ কোনেও তেওঁক চিনি পোৱা নাছিল। তেওঁলোক নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰতে বহি আছিল। তেওঁ আহি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত ছাত্ৰৰ দৰে বহিলে, আৰু তেখেতক ইছলাম সম্পৰ্কে প্ৰশ্ন কৰিলে, তেখেতে উত্তৰত ইয়াৰ আৰকান কেইটা উল্লেখ কৰি ক'লে যে, শ্বাহাদাতাইনৰ স্বীকৃতি দিয়া, পাঁচ ওৱাক্ত নামাজ প্ৰতিষ্ঠা কৰা, জাকাত খোৱাৰ উপযুক্ত ব্যক্তিলৈ জাকাত আদায় কৰা, ৰমাজান মাহৰ ৰোজা পালন কৰা, সক্ষম ব্যক্তিয়ে ফৰজ হজ্জ পালন কৰা। প্ৰশ্নকাৰীয়ে ক'লেঃ আপুনি ঠিকেই কৈছে, এই শুনি চাহাবাসকলে আশ্চৰ্য্য প্ৰকাশ কৰিলে। কাৰণ প্ৰশ্ন কৰাৰ সময়ত এনেকুৱা লাগিল যেনিবা তেওঁ একো নাজানে, কিন্তু উত্তৰ শুনি উত্তৰক সঠিক বুলি কৈ সমৰ্থন কৰিছে। ইয়াৰ পিছত তেওঁ ঈমান সম্পৰ্কে প্ৰশ্ন কৰিলে। তেখেতে উত্তৰত ঈমানৰ এই ছয়টা আৰকান উল্লেখ কৰিলে। আল্লাহৰ অস্তিত্ব আৰু তেওঁৰ গুণাৱলীসমূহৰ প্ৰতি ঈমান পোষণ কৰা, সকলো ক্ষেত্ৰতে তেওঁক একক বুলি স্বীকাৰ কৰা, যেনে- সৃষ্টি কৰাৰ ক্ষেত্ৰত, ইবাদত আদিৰ ক্ষেত্ৰত। এইদৰে ফিৰিস্তাসকলৰ প্ৰতি ঈমান পোষণ কৰা যিসকলক আল্লাহে নূৰেৰে সৃষ্টি কৰিছে, তেওঁলোক আল্লাহৰ সন্মানীয় বান্দা, তেওঁলোকে কেতিয়াও আল্লাহৰ অবাধ্যতা নকৰে, আল্লাহে যি আদেশ দিয়ে সেইটোৱে পালন কৰে। এইদৰে আল্লাহে ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ কৰা কিতাবসমূহৰ প্ৰতি ঈমান পোষণ কৰা। যেনে- কোৰআন, তাওৰাত, ইঞ্জীল আদি। এইদৰে ৰাছুলসকলৰ প্ৰতি ঈমান পোষণ কৰা, যিসকলে আল্লাহৰ ফালৰ পৰা লৈ অহা দ্বীন প্ৰচাৰ কৰিছিল। তেওঁলোকৰ মাজৰ অন্যতম হৈছে নূহ, ইব্ৰাহীম, মূছা আৰু ঈছা আলাইহিমুচ্ছালাম আৰু সৰ্বশেষ নবী তথা ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম। এইদৰে অন্তিম দিৱসৰ প্ৰতি ঈমান পোষণ কৰা, মৃত্যুৰ পিছত হ'বলগীয়া কবৰৰ অৱস্থা আৰু বাৰঝাাখী জিন্দেগী ইয়াৰেই অন্তৰ্ভুক্ত। কাৰণ মানুহক মৃত্যুৰ পিছত পুনৰুত্থিত কৰা হ'ব আৰু হিচাপ-নিকাচ লোৱা হ'ব, ইয়াৰ পিছত তাৰ ঠিকনা হ'ব জান্নাত অন্যথা জাহান্নাম। লগতে ঈমান ৰাখিব লাগিব যে, আল্লাহে তেওঁৰ জ্ঞান অনুযায়ী আৰু হিকমত অনুযায়ী প্ৰতিটো বস্তুৰে পূৰ্বেই ভাগ্য নিৰ্ধাৰণ কৰি ৰাখিছে তথা লিপিবদ্ধ কৰি ৰাখিছে। সেইমতেই প্ৰতিটো বস্তু সংঘটিত হয়। ইয়াৰ পিছত তেওঁ ইহছান সম্পৰ্কে প্ৰশ্ন কৰিলে। ইয়াৰ উত্তৰত তেখেতে কৈছে, ইহছান হৈছে আল্লাহৰ ইবাদত এনেকৈ কৰা যেনিবা তুমি আল্লাহক দেখি আছা। যদি এই অনুভৱ মনলৈ নাহে তেন্তে এইটো অনুভৱ কৰিবলৈ চেষ্টা কৰা যে, আল্লাহে তোমাক দেখি আছে। প্ৰথমটো হৈছে মুশ্বাহাদা, আৰু দ্বিতীয়টো হৈছে মুৰাক্বাবাহ, মুৰাক্বাবাতকৈ মুশ্বাহাদা উচ্চপৰ্যায়ৰ। ইয়াৰ পিছত তেওঁ প্ৰশ্ন কৰিলে, কিয়ামত কেতিয়া সংঘটিত হ'ব? উত্তৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ কিয়ামতৰ সঠিক জ্ঞান আল্লাহে তেওঁৰ ইল্মৰ জৰিয়তে গোপন ৰাখিছে, কোনো সৃষ্টিয়েই সেই বিষয়ে অৱগত নহয়। প্ৰশ্নকাৰীয়েও নাজানে আৰু যাক প্ৰশ্ন কৰা হৈছে তেৱোঁ নাজানে। ইয়াৰ পিছত তেওঁ কিয়ামতৰ আলামত সম্পৰ্কে প্ৰশ্ন কৰিলে। ইয়াৰ উত্তৰত তেখেতে কৈছে যে, ইয়াৰ অন্যতম আলামত হৈছে দাসী আৰু সিহঁতৰ সন্তানৰ সংখ্যা বৃদ্ধি হ'ব, আৰু সন্তান মাকৰ অবাধ্য হ'ব আনকি মাকৰ সৈতে দাসীৰ দৰে ব্যৱহাৰ কৰিব, এইদৰে দুখীয়া দৰিদ্ৰ ছাগলী চৰোৱা ব্যক্তিয়ে শেষ জামানাত ধন-সম্পদৰ ক্ষেত্ৰত প্ৰশস্ততা লাভ কৰিব, আৰু সিহঁতে নিজৰ অট্টালিকা আদিৰ সৌন্দৰ্য্য আৰু মজবুতিকলৈ অহংকাৰ কৰিব। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, প্ৰশ্নকাৰী ব্যক্তিজন আছিল জিব্ৰীল আলাইহিচ্ছালাম, তেওঁ চাহাবাসকলক দ্বীন সম্পৰ্কে জ্ঞান দিবলৈ আহিছিল।
Hadeeth details

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ইছলামক এটা মজবুত স্থাপনাৰ সৈতে তুলনা কৰিছে, যিটো স্থাপনা পাঁচটা স্তম্ভৰ ওপৰত স্থাপিত। ইছলামৰ অন্যান্য বিধি-বিধানবোৰ হৈছে সেই স্থাপনাটোৰ পৰিপূৰক। সেই স্তম্ভসমূহৰ প্ৰথম স্তম্ভটো হৈছে, এই সাক্ষ্য দিয়া যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে তেওঁৰ ৰাছুল। এই দুটা মিলি এটাই ৰূকুন। এটাক আনটোৰ পৰা পৃথক কৰিব নোৱাৰি। এই সাক্ষ্য দিয়াৰ সময়ত বান্দাই আল্লাহৰ একত্বক স্বীকাৰ কৰিব লাগিব আৰু এই কথা বিশ্বাস কৰিব লাগিব যে, একমাত্ৰ তেৱেঁই হৈছে ইবাদতৰ যোগ্য, লগতে সেইমতে আমলো কৰিব লাগিব। ইয়াৰ লগতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক ৰাছুল হিচাপে মানিব লাগিব আৰু তেওঁৰ অনুসৰণ কৰিব লাগিব। দ্বিতীয় স্তম্ভ হৈছে নামাজ প্ৰতিষ্ঠা কৰা। অৰ্থাৎ দিনে ৰাতি পাঁচ ওৱাক্ত ফৰজ নামাজ ইয়াৰ চৰ্তসমূহ, ৰুকনসমূহ আৰু ওৱাজিবাত সহকাৰে আদায় কৰা। যেনে- ফজৰ, জোহৰ, আচৰ, মাগৰিব আৰু ঈশ্বা। তৃতীয় স্তম্ভ হৈছে, ফৰজ জাকাত প্ৰদান কৰা। এইটো হৈছে আৰ্থিক ওৱাজিব ইবাদত, চৰীয়তে নিৰ্ধাৰণ কৰা এটা নিৰ্দিষ্ট পৰিমাণত উপনীত হ'লে সেই সম্পদৰ পৰা এটা নিৰ্দিষ্ট পৰিমাণৰ ধন হিতাধিকাৰীসকলক প্ৰদান কৰিব লাগে। চতুৰ্থ স্তম্ভ হৈছে হজ্জ। অৰ্থাৎ আল্লাহৰ ইবাদত কৰাৰ উদ্দেশ্যে মক্কালৈ গৈ হজ্জৰ যাৱতীয় নিয়ম-নীতি পালন কৰা। পঞ্চম স্তম্ভ হৈছে ৰমাজান মাহৰ ৰোজা ৰখা। অৰ্থাৎ আল্লাহৰ ইবাদতৰ নিয়্যতেৰে ফজৰ উদয় হোৱাৰ পিছৰ পৰা সূৰ্য অস্ত যোৱালৈকে পানাহাৰ আদি ৰোজা ভংগকাৰী বিষয়ৰ পৰা বিৰত থকা।
Hadeeth details

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বান্দাৰ ওপৰত থকা আল্লাহৰ হক আৰু আল্লাহৰ ওপৰত থকা বান্দাৰ হক সম্পৰ্কে স্পষ্টভাৱে বৰ্ণনা কৰিছে। এতেকে বান্দাৰ ওপৰত আল্লাহৰ হক হৈছে, সিহঁতে যেন একমাত্ৰ আল্লাহৰেই ইবাদত কৰে আৰু তেওঁৰ সৈতে আন কাকো যেন অংশীদাৰ স্থাপন নকৰে। আনহাতে আল্লাহৰ ওপৰত বান্দাৰ হক হৈছে, তেওঁ যেন তাওহীদ পন্থী লোকসকলক শাস্তি প্ৰদান নকৰে, অৰ্থাৎ যিসকলে তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন কৰা নাই। ইয়াৰ পিছত মুআজে ক'লেঃ হে আল্লাহৰ ৰাছুল! এই সুসংবাদটো মই মানুহক জনাই দিওঁনে, যাতে মানুহে আনন্দিত হয় আৰু এই অনুগ্ৰহক আশীৰ্বাদ হিচাপে গ্ৰহণ কৰে। কিন্তু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক বিষয়টো জনাবলৈ নিষেধ কৰিলে, এই আশংকাত যে হয়তো মানুহে ইয়াৰ ওপৰত ভৰসা কৰি আমল কৰা পৰিত্যাগ কৰিব।
Hadeeth details

মুআজ বিন জবল ৰাদ্বিয়াল্লাহ আনহু বাহনত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছফালে বহি আছিল, সেই সময়তে তেখেতে তেওঁক মাতিলে: হে মুআজ! এনেকৈ তেওঁক তিনিবাৰ মাতিলে, তেখেতে তেওঁক এনেকৈ বাৰে বাৰে নাম কাঢ়ি মাতাৰ উদ্দেশ্য আছিল তেওঁৰ মনোযোগ আকৰ্ষণ কৰা আৰু ক'বলগীয়া কথাটোৰ গুৰুত্ব বুজোৱা। প্ৰত্যেক বাৰেই মুআজ ৰাদ্বিয়াল্লাহু আনহুৱে এনেকৈ উত্তৰ দিছিল (لبيك يا رسول الله وسعديك) অৰ্থাৎ হে আল্লাহৰ ৰাছুল! মই উপস্থিত আছোঁ, আৰু আপোনাৰ আহ্বানত সঁহাৰি দিয়াটো মোৰ সৌভাগ্য। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক জনালে যে, যি ব্যক্তিয়েই আন্তৰিকতাৰে সঁচা অৰ্থত লা ইলাহা ইল্লাল্লাহৰ সাক্ষ্য দিব, অৰ্থাৎ এই সাক্ষ্য দিব যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল, যদি এই সাক্ষ্যৰ ওপৰত অটল থকা অৱস্থাতে তাৰ মৃত্যু হয় তেন্তে আল্লাহে তাক জাহান্নামৰ বাবে হাৰাম কৰিব দিব। এই কথা শুনি মুআজ ৰাদ্বিয়াল্লাহু আনহুৱে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা মানুহক জনাই দিয়াৰ অনুমতি বিচাৰিলে, যাতে মানুহে খবৰটো শুনি আনন্দিত হয়। কিন্তু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আশংকা কৰিলে যে, হয়তো মানুহে ইয়াৰ ওপৰতে ভৰসা কৰি বহি থাকিব আৰু আমল কৰা বাদ দিব। ফলত মুআজ ৰাদ্বিয়াল্লাহু আনহুৱে হাদীছটো মৃত্যুৰ আগমুহুৰ্ত পৰ্যন্ত বৰ্ণনা কৰা নাছিল। কিন্তু মৃত্যুৰ আগত বৰ্ণনা কৰিছে, যাতে ইল্ম গোপন কৰাৰ গুনাহত জৰিত নহয়।
Hadeeth details

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যি ব্যক্তিয়ে (লা ইলাহা ইল্লাল্লাহ) বাক্য উচ্চাৰণ কৰিব তথা ইয়াৰ স্বীকৃতি দিব, অৰ্থাৎ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই এই কথাৰ স্বীকৃতি দিব আৰু আল্লাহৰ বাহিৰে যিবোৰৰ ইবাদত কৰা হয় সেই সকলোবোৰক অস্বীকাৰ কৰিব, আনকি ইছলামৰ বাহিৰে আন সকলো ধৰ্মৰ পৰা নিজকে আঁতৰাই ৰাখিব, তেনেকুৱা ব্যক্তিৰ জান মাল আল্লাহে মুছলিমসকলৰ ওপৰত হাৰাম কৰি দিছে। আমি কেৱল প্ৰকাশ্য দিশটোকহে প্ৰাধান্য দিয়া উচিত। গতিকে সেই ব্যক্তিৰ সম্পদ জব্দ কৰা বা তাৰ ৰক্তপাত কৰা উচিত নহয়। আনহাতে যদি সেই ব্যক্তিজনে কোনো এনেকুৱা অপৰাধ কৰে যাৰ ফলত সি ইছলামিক বিধান অনুযায়ী মৃত্যুদণ্ডপ্ৰাপ্ত হয় তেন্তে সেইটো বিষয় সুকীয়া। কিয়ামতৰ দিনা আল্লাহে তাৰ হিচাপ-নিকাচ গ্ৰহণ কৰিব, যদি সি স্বীকৃতি প্ৰদানত সত্যবাদী হয় তেন্তে ছোৱাব পাব, আনহাতে যদি মুনাফিক হয় তেন্তে শাস্তি পাব।
Hadeeth details

এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক দুটা বৈশিষ্ট্য সম্পৰ্কে সুধিলে, যিটোৰ এটা অৱলম্বন কৰিলে জান্নাত অনিবাৰ্য হৈ পৰে আৰু আনটো অৱলম্বন কৰিলে জাহান্নাম অনিবাৰ্য হয়। ইয়াৰ উত্তৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ যিটো বৈশিষ্ট্য অৱলম্বন কৰিলে জান্নাত অনিবাৰ্য হয় সেইটো হৈছে, মানুহ এজনৰ এনেকুৱা অৱস্থাত মৃত্যুবৰণ কৰা, যিজনে একমাত্ৰ আল্লাহৰেই ইবাদত কৰিছে আৰু তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন কৰা নাই। আনহাতে যিটো বৈশিষ্ট্য অৱলম্বন কৰিলে জাহান্নাম অনিবাৰ্য হৈ পৰে, সেইটো হৈছে, যদি কোনো ব্যক্তিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক কৰা অৱস্থাত মৃত্যুবৰণ কৰে (তেন্তে তাৰ বাবে জাহান্নাম অনিবাৰ্য হৈ পৰে), অৰ্থাৎ আল্লাহৰ উলুহিয়্যাত, ৰুবুবিয়্য়াত আৰু আচমা ওৱা চিফাতত যদি আন কাকো সমকক্ষ স্থিৰ কৰি মৃত্যুবৰণ কৰে (তেন্তে তাৰ ওপৰত জাহান্নাম অনিবাৰ্য)।
Hadeeth details

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা জনাইছে যে, যিয়ে এনেকুৱা কোনো কাম আনৰ উদ্দেশ্যে কৰিব যিটো একমাত্ৰ আল্লাহৰ বাবেই কৰা অনিবাৰ্য। উদাহৰণস্বৰূপে, আল্লাহৰ বাহিৰে আনৰ ওচৰত দুআ কৰা, বিপদৰ সময়ত আনৰ ওচৰত সহায় প্ৰাৰ্থনা কৰা, যিয়ে এই অৱস্থাত মৃত্যুবৰণ কৰিব সি জাহান্নামত প্ৰৱেশ কৰিব। ইবনে মাছঊদ ৰাদ্বিয়াল্লাহু আনহুৱে অতিৰিক্তভাৱে কৈছে যে, যিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক নকৰাকৈ মৃত্যুবৰণ কৰিব, তাৰ ঠিকনা হ'ব জান্নাত।
Hadeeth details

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া মুআজ বিন জাবাল ৰাদ্বিয়াল্লাহু আনহুক আল্লাহৰ প্ৰতি আহ্বানকাৰী হিচাপে তথা শিক্ষক হিচাপে য়ামানলৈ প্ৰেৰণ কৰিছিল, তেতিয়া তেখেতে তেওঁক এই কথা বৰ্ণনা কৰিছিল যে, তেওঁ খৃষ্টান সংখ্যাগৰিষ্ঠ ঠাইলৈ গৈ আছে, সেয়ে তেওঁ আগতীয়াকৈ তাৰ বাবে প্ৰস্তুতি লোৱা উচিত। তেওঁ সিহঁতক আহ্বান কৰাৰ ক্ষেত্ৰত যেন অধিক গুৰুত্বপূৰ্ণ বিষয়ক অগ্ৰাধিকাৰ দিয়ে। গতিকে প্ৰথমেই সিহঁতক আক্বীদাহ সংশোধন কৰিবলৈ আহ্বান কৰা উচিত। সেয়ে সিহঁতে যেন এই কথাৰ সাক্ষ্য দিয়ে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল। কাৰণ ইয়াৰ দ্বাৰাইহে সিহঁতে ইছলামত প্ৰৱেশ কৰিব পাৰিব। যেতিয়া সিহঁতে এইটো মানি লব, তেতিয়া সিহঁতক নামাজ প্ৰতিষ্ঠা কৰিবলৈ আদেশ দিবা, কিয়নো তাওহীদৰ পিছত এইটোৱে হৈছে আটাইতকৈ ডাঙৰ ওৱাজিব বিষয়। যেতিয়া সিহঁতে নামাজ প্ৰতিষ্ঠা কৰিব, তেতিয়া সিহঁতৰ মাজৰ ধনীসকলক সিহঁতৰ ধন-সম্পদৰ জাকাত আদায় কৰিবলৈ নিৰ্দেশ দিবা, সিহঁতে যেন সেয়া দুখীয়া-দৰিদ্ৰসকলৰ মাজত বিলাই দিয়ে। ইয়াৰ পিছত তেখেতে তেওঁক উৎকৃষ্ট সম্পদ বাচি লবলৈ সতৰ্ক কৰিছে। কিয়নো অনিবাৰ্য হৈছে মধ্যম পন্থা। ইয়াৰ পিছত তেওঁক অন্যায়ৰ পৰা আঁতৰি থাকিবলৈ উপদেশ দিছে, যাতে তেওঁৰ বিৰুদ্ধে কোনো নিৰ্যাতিত ব্যক্তিয়ে বদ্দুআ নকৰে। কিয়নো নিৰ্যাতিত ব্যক্তিৰ দুআ নিশ্চিতভাৱে গ্ৰহণযোগ্য।
Hadeeth details

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সংবাদ দিছে যে, কিয়ামতৰ দিনা তেখেতৰ ছুপাৰিছ পোৱাৰ সৌভাগ্য সেই ব্যক্তিয়ে লাভ কৰিব, যিয়ে নিষ্ঠা সহকাৰে আন্তৰিকতাৰে লা ইলাহা ইল্লাল্লাহক স্বীকাৰ কৰিব, অৰ্থাৎ এই কথাৰ সাক্ষ্য দিব আৰু মনে প্ৰাণে মানি লব যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, লগতে যিয়ে শ্বিৰ্ক আৰু লোকক দেখুৱা আমলৰ পৰা বিৰত থাকিব।
Hadeeth details

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, ঈমানৰ বহুতো শাখা-প্ৰশাখা আছে আৰু অনেক বৈশিষ্ট্য আছে। যাৰ মাজত আক্বীদাহ বা বিশ্বাস, লগতে কথা আৰু কৰ্ম আদিক সামৰি লোৱা হৈছে। ঈমানৰ সৰ্বোচ্চ তথা সৰ্বোত্তম শাখাটো হৈছে লা ইলাহা ইল্লাল্লাহ কোৱা, ইয়াৰ অৰ্থ জনা আৰু সেইমতে আমল কৰা। অৰ্থাৎ এই কথাৰ স্বীকৃতি দিয়া যে, আল্লাহ হৈছে একক তথা অদ্বিতীয়, একমাত্ৰ তেৱেঁই ইবাদতৰ উপযুক্ত, তেওঁৰ বাহিৰে কোনেও ইবাদতৰ যোগ্য নহয়। ঈমানৰ সৰ্বনিম্ন শাখাটো হৈছে, মানুহক কষ্ট দিব পৰা প্ৰতিটো বস্তু ৰাস্তাৰ পৰা আঁতৰাই দিয়া। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, হায়া বা লাজো হৈছে ঈমানৰ এটা বৈশিষ্ট্য। এইটো এনেকুৱা এটা চৰিত্ৰ, যিয়ে মানুহক সৎকৰ্ম কৰিবলৈ উৎসাহিত কৰে আৰু বেয়া কৰ্মৰ পৰা বিৰত ৰাখে।
Hadeeth details