যিয়ে এই অৱস্থাত মৃত্যুবৰণ কৰিব যে, সি আল্লাহৰ বাহিৰে আনক তেওঁৰ সমকক্ষ স্থিৰ কৰি আহ্বান কৰি আছিল, তেন্তে সি জাহান্নামত প্ৰৱেশ কৰিব।...
আব্দুল্লাহ বিন মাছউদ -ৰাদ্বিয়াল্লাহু আনহু-ৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এটা কথা কৈছে আৰু ময়ো এটা কথা কৈছোঁ। তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “ যিয়ে এই অৱস্থাত মৃত্যুবৰণ কৰিব যে, সি আল্লাহৰ বাহিৰে আনক তেওঁৰ সমকক্ষ স্থিৰ কৰি আহ্বান কৰি আছিল, তেন্তে সি জাহান্নামত প্ৰৱেশ কৰিব।” ইয়াৰ পৰিপ্ৰেক্ষিতত মই কৈছোঁ, তেন্তে যিয়ে আল্লাহৰ বাহিৰে আন কাকো তেওঁৰ সমকক্ষ স্থিৰ কৰি আহ্বান কৰা নাই, সি নিশ্চয় জান্নাতত প্ৰৱেশ কৰিব।”
ছহীহ
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ব্যাখ্যা
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা জনাইছে যে, যিয়ে এনেকুৱা কোনো কাম আনৰ উদ্দেশ্যে কৰিব যিটো একমাত্ৰ আল্লাহৰ বাবেই কৰা অনিবাৰ্য। উদাহৰণস্বৰূপে, আল্লাহৰ বাহিৰে আনৰ ওচৰত দুআ কৰা, বিপদৰ সময়ত আনৰ ওচৰত সহায় প্ৰাৰ্থনা কৰা, যিয়ে এই অৱস্থাত মৃত্যুবৰণ কৰিব সি জাহান্নামত প্ৰৱেশ কৰিব। ইবনে মাছঊদ ৰাদ্বিয়াল্লাহু আনহুৱে অতিৰিক্তভাৱে কৈছে যে, যিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক নকৰাকৈ মৃত্যুবৰণ কৰিব, তাৰ ঠিকনা হ'ব জান্নাত।