{নিশ্চয় চাফা আৰু মাৰৱা আল্লাহৰ নিদৰ্শনসমূহৰ অন্তৰ্ভুক্ত। এতেকে যিয়ে (কাবা) ঘৰৰ হজ্জ অথবা ওমৰাহ সম্পন্ন কৰে, এই দুটাৰ মাজত ছায়ী (প্ৰদক্ষিণ) কৰিলে তাৰ কোনো পাপ নহ’ব; আৰু যিয়ে স্বতঃস্ফূৰ্তভাৱে কোনো সৎকৰ্ম কৰিব, তেন্তে নিশ্চয় আল্লাহ উত্তম পুৰস্কাৰদাতা, সৰ্বজ্ঞ।} (আল-বাক্বাৰাহ
: 158).
[سورة البقرة
] • 158
۞ إِنَّ ٱلصَّفَا وَٱلۡمَرۡوَةَ مِن شَعَآئِرِ ٱللَّهِۖ فَمَنۡ حَجَّ ٱلۡبَيۡتَ أَوِ ٱعۡتَمَرَ فَلَا جُنَاحَ عَلَيۡهِ أَن يَطَّوَّفَ بِهِمَاۚ وَمَن تَطَوَّعَ خَيۡرٗا فَإِنَّ ٱللَّهَ شَاكِرٌ عَلِيمٌ
{আৰু তোমালোকে হজ্জ আৰু ওমৰাহ আল্লাহৰ বাবেই সম্পাদন কৰা। এতেকে যদি তোমালোকে (ইহৰাম বন্ধি লোৱাৰ পিছত) বাধাপ্ৰাপ্ত হোৱা তেন্তে সহজলভ্য হাদ’য়ী (কুৰবানী) প্ৰদান কৰা, আৰু হাদ’য়ী (কুৰবানীৰ জন্তু) তাৰ নিৰ্দিষ্ট স্থান নোপাৱালৈকে তোমালোকে মূৰ নুখুৰাবা। কিন্তু তোমালোকৰ মাজৰ কোনোবাই যদি অসুস্থ হয় অথবা মূৰত কষ্টদায়ক কিবা হয় (আৰু ইয়াৰ ফলত যদি মূৰ খুৰাবলগীয়া হয়) তেন্তে ছিয়াম অথবা ছাদক্বা নাইবা পশু জবেহ কৰি তাৰ ফিদিয়া দিব লাগিব। এতেকে যেতিয়া তোমালোকে নিৰাপদ হ’বা তেতিয়া তোমালোকৰ মাজত যিয়ে ওমৰাক হজ্জৰ লগত মিলাই তামাত্তু কৰিব বিচাৰে, সি সহজলভ্য হাদ’য়ী জবেহ কৰিব। কিন্তু যদি কোনোবাই এইটো কৰিব নোৱাৰে, তেন্তে তাৰ বাবে হজ্জৰ সময়ত তিনি দিন আৰু ঘৰত উভতি আহি সাত দিন, এই সম্পূৰ্ণ দহ দিন ছিয়াম পালন কৰিব লাগিব। এইটো কেৱল সেই ব্যক্তিৰ বাবে যাৰ পৰিয়ালবৰ্গ মছজিদুল হাৰামৰ অধিবাসী নহয়; আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু জানি থোৱা যে, নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।} (আল-বাক্বাৰাহ
: 196).
[سورة البقرة
] • 196
وَأَتِمُّواْ ٱلۡحَجَّ وَٱلۡعُمۡرَةَ لِلَّهِۚ فَإِنۡ أُحۡصِرۡتُمۡ فَمَا ٱسۡتَيۡسَرَ مِنَ ٱلۡهَدۡيِۖ وَلَا تَحۡلِقُواْ رُءُوسَكُمۡ حَتَّىٰ يَبۡلُغَ ٱلۡهَدۡيُ مَحِلَّهُۥۚ فَمَن كَانَ مِنكُم مَّرِيضًا أَوۡ بِهِۦٓ أَذٗى مِّن رَّأۡسِهِۦ فَفِدۡيَةٞ مِّن صِيَامٍ أَوۡ صَدَقَةٍ أَوۡ نُسُكٖۚ فَإِذَآ أَمِنتُمۡ فَمَن تَمَتَّعَ بِٱلۡعُمۡرَةِ إِلَى ٱلۡحَجِّ فَمَا ٱسۡتَيۡسَرَ مِنَ ٱلۡهَدۡيِۚ فَمَن لَّمۡ يَجِدۡ فَصِيَامُ ثَلَٰثَةِ أَيَّامٖ فِي ٱلۡحَجِّ وَسَبۡعَةٍ إِذَا رَجَعۡتُمۡۗ تِلۡكَ عَشَرَةٞ كَامِلَةٞۗ ذَٰلِكَ لِمَن لَّمۡ يَكُنۡ أَهۡلُهُۥ حَاضِرِي ٱلۡمَسۡجِدِ ٱلۡحَرَامِۚ وَٱتَّقُواْ ٱللَّهَ وَٱعۡلَمُوٓاْ أَنَّ ٱللَّهَ شَدِيدُ ٱلۡعِقَابِ
{নিশ্চয় মানৱজাতিৰ বাবে সৰ্বপ্ৰথম যিখন ঘৰ প্ৰতিষ্ঠিত হৈছিল, সেয়া মক্কাত অৱস্থিত, সেইখন হৈছে বৰকতময় আৰু বিশ্ববাসীৰ বাবে হিদায়ত।} (আলে-ইমৰাণ
: 96).
[سورة آل عمران
] • 96
إِنَّ أَوَّلَ بَيۡتٖ وُضِعَ لِلنَّاسِ لَلَّذِي بِبَكَّةَ مُبَارَكٗا وَهُدٗى لِّلۡعَٰلَمِينَ
{হে মুমিনসকল! তোমালোকে অঙ্গীকাৰসমূহ (আৰু চুক্তিসমূহ) পূৰণ কৰা। যিবোৰ (জন্তুৰ কথা) তোমালোকৰ ওচৰত পাঠ কৰা হৈছে সেইবোৰৰ বাহিৰে তোমালোকৰ বাবে ঘৰচীয়া চতুষ্পদ জন্তু হালাল কৰা হৈছে, কিন্তু ইহৰাম অৱস্থাত চিকাৰ কৰাক বৈধ বুলি নাভাবিবা। নিশ্চয় আল্লাহে যি বিচাৰে আদেশ দিয়ে।} (আল-মায়িদাহ
: 1).
[سورة المائدة
] • 1
يَٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓاْ أَوۡفُواْ بِٱلۡعُقُودِۚ أُحِلَّتۡ لَكُم بَهِيمَةُ ٱلۡأَنۡعَٰمِ إِلَّا مَا يُتۡلَىٰ عَلَيۡكُمۡ غَيۡرَ مُحِلِّي ٱلصَّيۡدِ وَأَنتُمۡ حُرُمٌۗ إِنَّ ٱللَّهَ يَحۡكُمُ مَا يُرِيدُ
{সেইবোৰ পশুৰ তেজ আৰু মাংস আল্লাহৰ ওচৰলৈ একোৱেই গৈ নাপায়, বৰং তেওঁৰ ওচৰলৈ গৈ পায় কেৱল তোমালোকৰ তাক্বৱা। এইদৰেই তেওঁ এইবোৰক তোমালোকৰ বশীভূত কৰি দিছে যাতে তোমালোকে আল্লাহৰ শ্ৰেষ্ঠত্ব ঘোষণা কৰা, কাৰণ তেৱেঁই তোমালোকক হিদায়ত কৰিছে, সেয়ে তুমি সুসংবাদ দিয়া সৎকৰ্মপৰায়ণসকলক।} (আল-হাজ্জ
: 37).
[سورة الحج
] • 37
لَن يَنَالَ ٱللَّهَ لُحُومُهَا وَلَا دِمَآؤُهَا وَلَٰكِن يَنَالُهُ ٱلتَّقۡوَىٰ مِنكُمۡۚ كَذَٰلِكَ سَخَّرَهَا لَكُمۡ لِتُكَبِّرُواْ ٱللَّهَ عَلَىٰ مَا هَدَىٰكُمۡۗ وَبَشِّرِ ٱلۡمُحۡسِنِينَ