কিয়ামতৰ দিনা মোৰ ছুপাৰিছ পোৱাৰ সৌভাগ্য সেই ব্যক্তিয়ে লাভ কৰিব, যিয়ে নিষ্ঠা সহকাৰে আন্তৰিকতাৰে লা ইলাহা ইল্লাল্লাহক স্বীকাৰ কৰিব।...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেখেতে কৈছেঃ প্ৰশ্ন কৰা হ'ল, হে আল্লাহৰ ৰাছুল! কিয়ামতৰ দিনা আপোনাৰ ছুপাৰিছ পোৱাৰ সৌভাগ্য কোনে কোনে লাভ কৰিব? ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ হে আবু হুৰাইৰাহ! হাদীছৰ প্ৰতি মই তোমাৰ আগ্ৰহ দেখিয়ে গম পাইছিলোঁ যে, এই বিষয়ে সৰ্বপ্ৰথম তুমিয়ে সুধিবা। শুনা, কিয়ামতৰ দিনা মোৰ ছুপাৰিছ পোৱাৰ সৌভাগ্য সেই ব্যক্তিয়ে লাভ কৰিব, যিয়ে নিষ্ঠা সহকাৰে আন্তৰিকতাৰে লা ইলাহা ইল্লাল্লাহক স্বীকাৰ কৰিব।
ব্যাখ্যা
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সংবাদ দিছে যে, কিয়ামতৰ দিনা তেখেতৰ ছুপাৰিছ পোৱাৰ সৌভাগ্য সেই ব্যক্তিয়ে লাভ কৰিব, যিয়ে নিষ্ঠা সহকাৰে আন্তৰিকতাৰে লা ইলাহা ইল্লাল্লাহক স্বীকাৰ কৰিব, অৰ্থাৎ এই কথাৰ সাক্ষ্য দিব আৰু মনে প্ৰাণে মানি লব যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, লগতে যিয়ে শ্বিৰ্ক আৰু লোকক দেখুৱা আমলৰ পৰা বিৰত থাকিব।