যি ব্যক্তিয়ে লা ইলাহা ইল্লাল্লাহৰ স্বীকৃতি দিছে, লগতে আল্লাহৰ বাহিৰে যিবোৰৰ ইবাদত কৰা হয়, সেই সকলোবোৰক অস্বীকাৰ কৰিছে, সেই ব্যক্তিৰ ধন-সম্পদ আৰু তেজ আদি নিৰাপদ আৰু তাৰ হিচাপ-নিকাচ হৈছে আল্লাহৰ জিম্মাত।...
তাৰিক বিন আশ্বয়াম আল-আশ্বজায়ী ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ, তেখেতে কৈছেঃ যি ব্যক্তিয়ে লা ইলাহা ইল্লাল্লাহৰ স্বীকৃতি দিছে, লগতে আল্লাহৰ বাহিৰে যিবোৰৰ ইবাদত কৰা হয়, সেই সকলোবোৰক অস্বীকাৰ কৰিছে, সেই ব্যক্তিৰ ধন-সম্পদ আৰু তেজ আদি নিৰাপদ আৰু তাৰ হিচাপ-নিকাচ হৈছে আল্লাহৰ জিম্মাত।
ব্যাখ্যা
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যি ব্যক্তিয়ে (লা ইলাহা ইল্লাল্লাহ) বাক্য উচ্চাৰণ কৰিব তথা ইয়াৰ স্বীকৃতি দিব, অৰ্থাৎ আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই এই কথাৰ স্বীকৃতি দিব আৰু আল্লাহৰ বাহিৰে যিবোৰৰ ইবাদত কৰা হয় সেই সকলোবোৰক অস্বীকাৰ কৰিব, আনকি ইছলামৰ বাহিৰে আন সকলো ধৰ্মৰ পৰা নিজকে আঁতৰাই ৰাখিব, তেনেকুৱা ব্যক্তিৰ জান মাল আল্লাহে মুছলিমসকলৰ ওপৰত হাৰাম কৰি দিছে। আমি কেৱল প্ৰকাশ্য দিশটোকহে প্ৰাধান্য দিয়া উচিত। গতিকে সেই ব্যক্তিৰ সম্পদ জব্দ কৰা বা তাৰ ৰক্তপাত কৰা উচিত নহয়। আনহাতে যদি সেই ব্যক্তিজনে কোনো এনেকুৱা অপৰাধ কৰে যাৰ ফলত সি ইছলামিক বিধান অনুযায়ী মৃত্যুদণ্ডপ্ৰাপ্ত হয় তেন্তে সেইটো বিষয় সুকীয়া।
কিয়ামতৰ দিনা আল্লাহে তাৰ হিচাপ-নিকাচ গ্ৰহণ কৰিব, যদি সি স্বীকৃতি প্ৰদানত সত্যবাদী হয় তেন্তে ছোৱাব পাব, আনহাতে যদি মুনাফিক হয় তেন্তে শাস্তি পাব।