ঈমানৰ সত্তৰতকৈও অধিক অথবা ষাঠিতকৈও অধিক শাখা-প্ৰশাখা আছে। তাৰে ভিতৰত সৰ্বশ্ৰেষ্ঠ শাখাটো হৈছে লা ইলা-হা ইল্লাল্লাহ কোৱা, আৰু সৰ্বনিম্ন শাখাটো হৈছে পথৰ পৰা কষ্টদায়ক বস্তু আঁতৰাই দিয়া।...
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "ঈমানৰ সত্তৰতকৈও অধিক অথবা ষাঠিতকৈও অধিক শাখা-প্ৰশাখা আছে। তাৰে ভিতৰত সৰ্বশ্ৰেষ্ঠ শাখাটো হৈছে লা ইলা-হা ইল্লাল্লাহ কোৱা, আৰু সৰ্বনিম্ন শাখাটো হৈছে পথৰ পৰা কষ্টদায়ক বস্তু আঁতৰাই দিয়া। হায়া বা লাজো হৈছে ঈমানৰ এটা শাখা।"
ছহীহ
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
ব্যাখ্যা
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, ঈমানৰ বহুতো শাখা-প্ৰশাখা আছে আৰু অনেক বৈশিষ্ট্য আছে। যাৰ মাজত আক্বীদাহ বা বিশ্বাস, লগতে কথা আৰু কৰ্ম আদিক সামৰি লোৱা হৈছে।
ঈমানৰ সৰ্বোচ্চ তথা সৰ্বোত্তম শাখাটো হৈছে লা ইলাহা ইল্লাল্লাহ কোৱা, ইয়াৰ অৰ্থ জনা আৰু সেইমতে আমল কৰা। অৰ্থাৎ এই কথাৰ স্বীকৃতি দিয়া যে, আল্লাহ হৈছে একক তথা অদ্বিতীয়, একমাত্ৰ তেৱেঁই ইবাদতৰ উপযুক্ত, তেওঁৰ বাহিৰে কোনেও ইবাদতৰ যোগ্য নহয়।
ঈমানৰ সৰ্বনিম্ন শাখাটো হৈছে, মানুহক কষ্ট দিব পৰা প্ৰতিটো বস্তু ৰাস্তাৰ পৰা আঁতৰাই দিয়া।
ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, হায়া বা লাজো হৈছে ঈমানৰ এটা বৈশিষ্ট্য। এইটো এনেকুৱা এটা চৰিত্ৰ, যিয়ে মানুহক সৎকৰ্ম কৰিবলৈ উৎসাহিত কৰে আৰু বেয়া কৰ্মৰ পৰা বিৰত ৰাখে।