The Encyclopedia of Ar-Rahman's Guests

Selected material for Pilgrims and Um-rah teaching it in languages of the world

Selected content

মছজিদে নবরী জিয়াৰত সম্পৰ্কীয় সংক্ষিপ্ত কিছুমান নিয়ম-নীতি আৰু বিধি-বিধান
মছজিদে নবরী জিয়াৰত সম্পৰ্কীয় সংক্ষিপ্ত কিছুমান নিয়ম-নীতি আৰু বিধি-বিধান
ওমৰাৰ বিৱৰণ, বিধি-বিধান আৰু নিয়ম-নীতি সম্পৰ্কীয় এটি সংক্ষিপ্ত পুস্তিকা
ওমৰাৰ বিৱৰণ, বিধি-বিধান আৰু নিয়ম-নীতি সম্পৰ্কীয় এটি সংক্ষিপ্ত পুস্তিকা
হজ্জৰ সংক্ষিপ্ত পদ্ধতি
হজ্জৰ সংক্ষিপ্ত পদ্ধতি
ভ্রমণ সম্পর্কীয়-নীতি-নিয়ম আৰু বিধি-বিধান
ভ্রমণ সম্পর্কীয়-নীতি-নিয়ম আৰু বিধি-বিধান
অধিক

Selected Quranic verses

নিশ্চয় চাফা আৰু মাৰৱা আল্লাহৰ নিদৰ্শনসমূহৰ অন্তৰ্ভুক্ত। এতেকে যিয়ে (কাবা) ঘৰৰ হজ্জ অথবা ওমৰাহ সম্পন্ন কৰে, এই দুটাৰ মাজত ছায়ী (প্ৰদক্ষিণ) কৰিলে তাৰ কোনো পাপ নহ’ব; আৰু যিয়ে স্বতঃস্ফূৰ্তভাৱে কোনো সৎকৰ্ম কৰিব, তেন্তে নিশ্চয় আল্লাহ উত্তম পুৰস্কাৰদাতা, সৰ্বজ্ঞ।
[আল-বাক্বাৰাহ] • 158
আৰু তোমালোকে হজ্জ আৰু ওমৰাহ আল্লাহৰ বাবেই সম্পাদন কৰা। এতেকে যদি তোমালোকে (ইহৰাম বন্ধি লোৱাৰ পিছত) বাধাপ্ৰাপ্ত হোৱা তেন্তে সহজলভ্য হাদ’য়ী (কুৰবানী) প্ৰদান কৰা, আৰু হাদ’য়ী (কুৰবানীৰ জন্তু) তাৰ নিৰ্দিষ্ট স্থান নোপাৱালৈকে তোমালোকে মূৰ নুখুৰাবা। কিন্তু তোমালোকৰ মাজৰ কোনোবাই যদি অসুস্থ হয় অথবা মূৰত কষ্টদায়ক কিবা হয় (আৰু ইয়াৰ ফলত যদি মূৰ খুৰাবলগীয়া হয়) তেন্তে ছিয়াম অথবা ছাদক্বা নাইবা পশু জবেহ কৰি তাৰ ফিদিয়া দিব লাগিব। এতেকে যেতিয়া তোমালোকে নিৰাপদ হ’বা তেতিয়া তোমালোকৰ মাজত যিয়ে ওমৰাক হজ্জৰ লগত মিলাই তামাত্তু কৰিব বিচাৰে, সি সহজলভ্য হাদ’য়ী জবেহ কৰিব। কিন্তু যদি কোনোবাই এইটো কৰিব নোৱাৰে, তেন্তে তাৰ বাবে হজ্জৰ সময়ত তিনি দিন আৰু ঘৰত উভতি আহি সাত দিন, এই সম্পূৰ্ণ দহ দিন ছিয়াম পালন কৰিব লাগিব। এইটো কেৱল সেই ব্যক্তিৰ বাবে যাৰ পৰিয়ালবৰ্গ মছজিদুল হাৰামৰ অধিবাসী নহয়; আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু জানি থোৱা যে, নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ।
[আল-বাক্বাৰাহ] • 196
নিশ্চয় মানৱজাতিৰ বাবে সৰ্বপ্ৰথম যিখন ঘৰ প্ৰতিষ্ঠিত হৈছিল, সেয়া মক্কাত অৱস্থিত, সেইখন হৈছে বৰকতময় আৰু বিশ্ববাসীৰ বাবে হিদায়ত।
[আলে-ইমৰাণ] • 96
হে মুমিনসকল! তোমালোকে অঙ্গীকাৰসমূহ (আৰু চুক্তিসমূহ) পূৰণ কৰা। যিবোৰ (জন্তুৰ কথা) তোমালোকৰ ওচৰত পাঠ কৰা হৈছে সেইবোৰৰ বাহিৰে তোমালোকৰ বাবে ঘৰচীয়া চতুষ্পদ জন্তু হালাল কৰা হৈছে, কিন্তু ইহৰাম অৱস্থাত চিকাৰ কৰাক বৈধ বুলি নাভাবিবা। নিশ্চয় আল্লাহে যি বিচাৰে আদেশ দিয়ে।
[আল-মায়িদাহ] • 1
সেইবোৰ পশুৰ তেজ আৰু মাংস আল্লাহৰ ওচৰলৈ একোৱেই গৈ নাপায়, বৰং তেওঁৰ ওচৰলৈ গৈ পায় কেৱল তোমালোকৰ তাক্বৱা। এইদৰেই তেওঁ এইবোৰক তোমালোকৰ বশীভূত কৰি দিছে যাতে তোমালোকে আল্লাহৰ শ্ৰেষ্ঠত্ব ঘোষণা কৰা, কাৰণ তেৱেঁই তোমালোকক হিদায়ত কৰিছে, সেয়ে তুমি সুসংবাদ দিয়া সৎকৰ্মপৰায়ণসকলক।
[আল-হাজ্জ] • 37
অধিক

Selected prophetic hadiths

ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা দহ ৰাকাত নামাজৰ বিষয়ে মোৰ স্মৃতিত সংৰক্ষণ কৰি ৰাখিছোঁ. দুই ৰাকাত জোহৰৰ পূৰ্বে আৰু দুই ৰাকাত জোহৰৰ পিছত, মাগৰিবৰ পিছত ঘৰত দুই ৰাকাত আৰু ঈশ্বাৰ পিছত ঘৰত দুই ৰাকাত, আৰু ফজৰৰ পূৰ্বে দুই ৰাকাত, এইটো হৈছে এনেকুৱা সময় যিটো সময়ত তেখেতৰ ওচৰলৈ কোনো যোৱা নাছিল, কিন্তু মোক হাফচা (ৰাদ্বিয়াল্লাহু আনহাই) জনাইছে যে, ফজৰ উদয় হোৱাৰ পিছত মুআজ্জিনে যেতিয়া আজান দিছিল তেতিয়া তেখেতে দুই ৰাকাত নামাজ পঢ়িছিল। আন এটা বৰ্ণনাত আছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জুমুআৰ পিছত দুই ৰাকাত পঢ়িছিল।
ছহীহ
(ইয়াৰ সকলো ৰিৱায়াত মুত্তাফাক আলাইহ)
মালিক বিন আওছ বিন হাদাছানৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই এই কথা কৈ কৈ গৈ আছিলোঁ যে, দিৰহাম বিনিময় কৰিব পৰা কোনোবা আছেনে? তেতিয়া ত্বলহা বিন উবাইদুল্লাহে ক'লে, তেওঁ সেই সময়ত ওমৰ ইবনুল খাত্তাবৰ ওচৰত বহি আছিল। তোমাৰ সোণখিনি আমাক দেখুৱাচোন, আৰু তুমি পিছত আহিবা, যেতিয়া আমাৰ দাস আহি পাব তেতিয়া তোমাক দিবলগীয়া ৰূপৰ মুদ্ৰাখিনি প্ৰদান কৰিম। এই কথা শুনি ওমৰ ইবনুল খাত্তাব ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ নহয়, এইটো হ'ব নোৱাৰে, আল্লাহৰ শপত! হয় তুমি এতিয়াই তাক ৰূপৰ মুদ্ৰা প্ৰদান কৰা, নহয় তাৰ সোণ তাক ঘূৰাই দিয়া। কাৰণ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "সোণৰ বিনিময়ত ৰূপৰ মুদ্ৰা হাতে হাতে লগে লগে আদান-প্ৰদান নহ'লে সুত হ'ব, ঘেঁহুৰ বিনিময়ত ঘেঁহু লগে লগে আদান প্ৰদান নহ'লে সুতৰ অন্তৰ্ভুক্ত, যৱৰ বিনিময়ত যৱ হাতে হাতে আদান-প্ৰদান নহ'লে সুত হ'ব, এইদৰে খেজুৰৰ বিনিময়ত খেজুৰ লগে লগে আদান-প্ৰদান নহ'লে সুত হ'ব।"
ছহীহ
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
উম্মুল মুমিনীন আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম মোৰ ওচৰলৈ আহিল, তেতিয়া মোৰ তাত এটা ত্বাক (shelf) আছিল যিটোক মই পৰ্দাৰে আবৃত কৰি ৰাখিছিলোঁ, সেই পৰ্দাত কিছুমান চিত্ৰ আছিল। তেখেতে সেইটো দেখা পাই ছিঙি পেলালে, আৰু তেখেতৰ মুখমণ্ডল ৰঙা পৰি গ'ল। তেখেতে ক'লেঃ "হে আঈশ্বা! কিয়ামতৰ দিনা সিহঁতে কঠিন শাস্তি ভোগ কৰিব, যিসকলে আল্লাহৰ সৃষ্টিৰ সাদৃশ্য প্ৰদৰ্শনত লিপ্ত হয়।" আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছেঃ "এইটো শুনাৰ পিছত মই সেই পৰ্দা ফালি এখন অথবা দুখন গাৰু বনাই লৈছিলোঁ।"
ছহীহ
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
আবু দাৰদা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে ছুৰা আল-কাহাফৰ প্ৰথম দহ আয়াত মুখস্থ কৰিব, তেওঁক দাজ্জালৰ (ফিতনাৰ) পৰা ৰক্ষা কৰা হ'ব।" আন এটা বৰ্ণনাত আছে যে, "যিয়ে ছুৰা কাহাফৰ শেষৰ দহ আয়াত মুখস্থ কৰিব।"
ছহীহ
(মুছলিম)
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ মাজৰ কোনোবাই যেতিয়া ইমামৰ আগত মূৰ তোলে, তেতিয়া সি ভয় নকৰে নেকি যে, আল্লাহে হয়তো তাৰ মূৰটো গাধৰ মূৰৰ দৰে কৰিব পাৰে অথবা তাৰ আকৃতি গাধৰ আকৃতিৰ দৰে কৰি দিব পাৰে।"
ছহীহ
(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})
অধিক